এটা গধুৰ দিনৰ স্বপ্ন -----পাৰ্থ সাৰথি বৰুৱা

এটা গধুৰ দিনত এটা সপোন দেখিলোঁ,
মাই ক'লে সিয়ে বোলে দিবাস্বপ্ন!!
সপোনৰ আশাবোৰ সোণোৱালী নহ'লে
ভাগৰি-জুগৰি কিয় কৰোঁ অংক!!

দেউতাই বাৰে বাৰে গালি পাৰি সোঁৱৰায়,
সময় থাকোঁতে পেলা সময়ৰ ঘাম;
কিন্তু সময় সময় বুলি, মিছাতে পকাওঁ চুলি,
বিচাৰি নাপাওঁ ক'তো সময়ৰ নাম!!

আইতাই কয় হেৰ' তয়ে মোৰ শেষ আশা
তোৰ আশাতেই আছোঁ উশাহটি লৈ,
ময়ো বোলোঁ সপোনবোৰ,
তোৰ সোতোৰা ছালৰ দৰে
কুচ খাই দিনে দিনে যায় বুঢ়া হৈ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,710
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,420
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,453
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,117
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,170
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,331