এটা সপোনৰ মৃত্যু ঘটিল

মোৰ হৃদয় খন এতিয়া ভীষণ উকা ।

দুৰু দুৰু স্পন্দমান হৃদয় খনত,

তোমাৰ স্মৃতিবোৰে ঢৌ খেলিছে।

সমগ্ৰ অন্তৰত তুমিহীনতাৰ ছুনামি এতিয়া

বিধ্বস্ত মৰম,সমাধিস্থ প্ৰেম।

ভালপোৱাৰ পোছাক খোলি নাঙঠ হৈ পৰা

তোমাৰ হৃদয়খন ...

নগ্ন সপোনৰ শ্লোগান শুনি মোৰ হৃদয়ৰ চিৎকাৰ ।

পশ্চিম আকাশত পোৱাতি জোনৰ খিলিকনি ।

থিক এইমাত্ৰ বাথৰুমৰ পৰা ওলাই অহা তোমাৰ আধা ভিজা গা টোৰ দৰে ।

চুলিৰ আগেৰে সৰি পৰিছে এটোপাল দুটোপাল নিয়ৰৰ কণিকা ।

তোমাৰ নিৰিবিলি বুকুত মোৰ উষ্ম মৰমৰ জিজ্ঞাসা ।

কম্পনিত হৃদয়ত ভালপোৱাৰ সুৰ ।

হাতৰ পৰা সৰি পৰিল অভিমান নেউচা সময়বোৰ ,

নিস্তব্ধ হৈ পৰিল প্ৰেমিক মনৰ দুৰ্দ্দান্ত বাসনা,

স্তিমিত হৈ পৰিল ভালপোৱাৰ জোনাক...

আন্ধাৰ নিশা বাগৰি পৰা লেম্পপোষ্টটোৰ দৰে ।

এনেদৰেই এটা সপোনৰ মৃত্যু ঘটিল...

মোৰ হৃদয়ৰ ৰঙা তেজেৰে...

আমাৰ ভালপোৱাক বিদায় জনায় ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,539
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,192
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,450
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,919
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,829