এটি কবিতাৰ আঁৰত তুমি --- ৰিয়ান স্মিথ্

বহুদিনৰ পৰাই ৰৈ আছিল

দুটি চকুৰ আঁৰত এটি সজল চাওনি,

দুচকুৰ লাচ্যময়িতাৰ সৰল অনুভৱত

নিগৰি থকা কবিতাবোৰ

সিদিনা পঢ়ি চালো হঠাতে ,

আকৌ এবাৰ প্ৰেমিক হৈ পৰিছিলো!

অচিনাকি প্ৰেমৰ সুবাস অকণ

দেহত সানি লৈছিলো নজনাকৈ |

তুমি হাঁহি দিলেই সৰিপৰা মুকুটাবোৰ বুটলিবলৈ

এটি ব্যৰ্থ প্ৰয়াস কৰিবৰ মন গৈছিল,

যদিও সেই হাঁহিৰ আঁৰত লুকাই আছিল

মোৰ অচিনাকি কিন্তু তোমাৰ চিনাকী মৰম !

জনা নজনাৰ ভাওনাত বুজা নুবুজাৰ দোমোজাত

সপোনবোৰ হেৰাই গৈছিল এদিন জীৱনৰ বলুকাত,

অচিনাকিৰ পৰা চিনাকী হৈ পৰা মৰমৰ শব্দবোৰ

তোমৰ দৰেই আজিচোন আকৌ নিমাত !

মনৰ নিজানত কেতিয়াবা সাৰপাই উঠে

চিনাকী অতীতৰ বিষাদৰ সুৰবোৰ,

সময়ৰ বুকুত জীৱনে এৰি অহা

স্মৃতিৰ কবিতাবোৰ ভাহি আহে কেতিয়াবা

কিছুমান গানৰ সুৰত ৰিনিকী ৰিনিকী,

তোমাকো সজাম আজি মনৰ আকাশত

মোৰ জীৱনৰ এটি কবিতাৰ ৰূপত,

অনাগত ভৱিষ্যতৰ বুকুত লুটিয়াই চাম এদিন

স্মৃতিসনা অতীতৰ ভালপোৱাৰ পৃষ্ঠাৰ মাজত !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,306
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,372
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,490
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,216