এটি কবিতা আৰু কিছু সময় --- ৰিয়ান স্মিথ্

সময়ৰ বুকুত ৰৈ থকা ছবিবোৰে
ভাহি অহা গানৰ শব্দৰ সুৰবোৰে
চিনাকী মানুহৰ অচিনাকি কথাবোৰে
কেতিয়াবা বিষাই তুলে বুকুখন,

যেতিয়া সাৰ পাই উঠে জীৱনে
আপোন কোনোবাক কাষত বিচাৰে
নিস্থুৰ সময়ে দি যায় সততে
স্বাৰ্থপৰ মনৰ মানুহবোৰ কাষতে |

মৰমৰ নদীখন শুকাই গ'ল
প্ৰেমৰ বৰষুণৰ অভাবত
হৃদয়ৰ ভাষাবোৰো হেৰাই গ'ল
ভালপোৱা ছবিখনৰ বিৰহত |

সময় সলনি হ'ল নে পৃথিৱী
মানুহ সলনি হ'ল নে মনবোৰ
বুজি নাপাওঁ কথাবোৰ অকণো
জীবন নামৰ ওখোৰা মোখৰা পথত |

সৰুতে ভাবিলো ডাঙৰ হ'লে ভাল
ডাঙৰ হৈ দেখিলো সৰুকালেই সুখৰ
আইৰ কোলাত উমলা কথা
আজি সাধুকথাৰ লেখিয়া |

হেৰাই যাৱ মন যায় কেতিয়াবা
স্মৃতিৰ বুকুৰ পৰা আজুৰি অনা
কবিতা কবিতা লগা শব্দৰ
অতীতৰ মিঠা শিহৰণ বোৰত !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,470
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,500
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,490
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,372
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,552