এটি শীতত সেমেকা গধুলী ---- বিভাৰাণী দাস

প্ৰতিটো দিনৰ প্ৰতিটো সন্ধ্যা অতি মৰমৰ ৷ যদি সেই সন্ধ্যাত প্ৰিয়জন কাষত থাকে , সেই সন্ধ্যা হৈ পৰে আৰু ৰঙীন মৰমৰ আৰু হেঁপাহৰ ৷ যৌৱনৰ একৈশটা বছৰ ধেমালীৰ মাজেৰে কটাই মাহ - হালধিৰ গোন্ধ গাত সানি কাশ্মিৰী হৈ পৰিছিল আনৰ ঘৰৰ বোৱাৰী ৷ এটা বুজাব নোৱাৰা অনুভুতি ৷ কিন্তু তাই এই ৰং ধৰি ৰাখিব নোৱাৰিলে ৷ এটা কালিমা সনা গধুলীয়ে তাইৰ জীৱনলৈ এন্ধাৰ নমাই আনিলে ৷ তাই সৰু এটা দুৰ্ঘটনাত প্ৰিয়জনক হেৰুৱালে ৷

ইমান সুন্দৰ সপোন ভাঙিব পাৰে , তাই কেতিয়াওঁ ভবা নাছিল, কিন্তু আজি সপোন ভঙা দেখি , তাই অনুভৱ কৰিলে সপোনৰো নজৰ লাগে ৷ তাই প্ৰিয়জনৰ লগত কটোৱা প্ৰতিটো মিঠা অনুভতি অনুভৱ কৰিবলৈ ধৰিলে ৷ নজনাকৈয়ে দুধাৰী চকুলোৰে তাইৰ গাৰুটি তিতি গ'ল ৷ শুনিছিলে পৃথিৱীখন ধুনীয়া কিন্তু আজি অনুভৱ কৰিলে পৃথিৱীখন ঘূৰণীয়া ৷ তাই পৃথিৱীখনৰ লগে লগে ঘূৰীবলৈ ধৰিছে , তাই ভয়তে বিছনাখনত জোৰে খামুচি ধৰিলে ৷ প্ৰচণ্দ গতিত তাই ঘূৰিবলৈ ধৰিলে ৷ তাইৰ উশাহবোৰ ঘন- ঘন হ'বলৈ ধৰিলে ভয়তে তাই চকু দুটা মুদি দিলে ৷ উচপি উচপি ভগৱানলৈ প্ৰশ্ন কৰিলে , "হে প্ৰভূ , মোক বচাবা নে মাৰিবা ? তুমি যি কৰা , মই তাকে হাত পাতি লম, আজি মোৰ খুজিবলগীয়া একো নাই ৷ " ভগৱানৰ ওচৰত নিজকে অৰ্পন কৰি , তাই টোপনিৰ কোলাত ঢলি পৰিল ৷

এখন্তেক পিছত সাৰ পাই তাই অনুভৱ কৰিলে ভগৱানে তাইক বচালে ৷ এই পৃথিৱীৰ তাইয়ো এটা প্ৰানী ৷ তাই জীয়াই থাকিব লাগিব ৷ বিচনাৰ পৰা ভৰি দুটা নমাই মজিয়াৰ ওপৰত থিয় হৈ দুখোজমান আজবাঢ়ি গৈ , মাকে পাকঘৰৰ টেবুলত সযতনেৰে থোৱা চাহ, ব্ৰেড খিনি খোৱাৰ মনেৰে চকীখন গাৰফালে টানি আনি বহি ল'লে ৷ চাদৰৰ আচলটো চকুৰ কাষলৈ টানি আনি ভিজি উঠা , চকু দুটা মচি ল'লে ৷ ব্ৰেড টুকুৰা মুখৰ ওচৰলৈ তুলি নি , জোৰে মুখত হেঁচা মাৰি সুমুৱাই দিলে ৷ আজিৰ পৰা তাই এনাকৈয়ে অকলশৰে খাব, কথা ক'ব, হাঁহিব, কান্দিব লাগিব ৷ এছাটি বতাহ গাত লাগি তাইক কপাই দিয়াত চাদৰ খন গাত জোৰে মেৰিয়াই ল'লে ৷ বতাহজাকে তাইক বাৰুকৈয়ে কোঁপাব ধৰিলে , তাই স্থিৰে থাকিব পৰা নাই ৷ কি হাঁড় কপোৱা শীত আৰু গাত মাথো এখন উকা চাদৰ ৷ তাই থৰ - থৰকৈ কপিবলৈ ধৰিলে ৷ তাইৰ প্ৰিয়জনে দিয়া ইমান শীত ৷ এটি শীতত সেমেকা এনে শীতত সেমেকা গধুলী আৰু তাইৰ জীৱনলৈ কেতিয়াওঁ নাহে , এইটো অন্তিম শীতল গধুলী প্ৰিয়জনে দিয়া ৷ এই বুলি ভাবি তাই মনৰ ভিতৰৰ পৰা এটা গৰম ভাব আনিলে, যাতে তাইক আৰু কপাই তুলিব নোৱাৰে ৷ তাই প্ৰচণ্ড শক্তিৰে জীয়াই থাকিবলৈ আগবাঢ়িলে .......

++++++++++++++++++++++++++++++++++++++++++++

বিভাৰাণী দাস
সৰপাৰা , মিৰ্জা
কামৰূপ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,979
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,436
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,543
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,300
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,892