এটি সৰাপাতৰ কবিতা --- ৰিয়ান স্মিথ্

তাইৰ বুকুখন শুকাই গৈছিল
হেৰাই গৈছিল জীৱনৰ ৰঙবোৰ,
এতিয়া আৰু কোনেও তাইৰ ওচৰত
সেউজীয়া বিচাৰি আমনি নকৰে,
নিস্ঠুৰ সময়ৰ হাতত
তাই নিজকে বিলাই দিলে আজি |

এদিন আকাশ চুব বিচাৰিছিল তাই,
সেয়ে আকাশৰ বুকুত ৰচিছিল
সেউজীয়া হৃদয়ৰ কবিতাবোৰ,
হয়তো অভিমানী হৈ পৰিছিল তাইও
কাৰোবাৰ বুকুৰ মৰম পাই,
পাহৰি পেলাইছিল নিজকে
বলিয়া যৌৱনৰ সুবাস লৈ |

উতনুৱা বতাহ এজাক
এদিন তাইৰ বুকুতে আহি জিৰাল,
উৰি গ'ল কৰবালে তাই
লেৰেলি যোৱা অভিমানৰ চোলা পিন্ধি,
সৰিপৰিল আকাশৰ পৰা হঠাতে
নীৰৱ কলিজাতি সাৱটি |

কাৰোবাৰ ভৰিৰ গোচকত
হাৰ-মূৰ ভাঙিল তাইৰ দেহৰ,
দুখবোৰ বুটলি আনিলো মই
তাইৰ বুকুৰ মাজৰ পৰা,
শব্দৰ আলমত সাৰপাই উঠিল
এটি সৰাপাতৰ কবিতা |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,828
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,304
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:2,126
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,732
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,991
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,630