এই গাওঁখনৰ ওপৰেৰে
ধেনুভিৰীয়াকৈ গুছি গ’ল সূৰ্য্য
ধুৱলি কুঁৱলি ধোঁৱাৰে
বগুৱা বাই আহিল
শংকাৰ জয়াল ছাঁ
মেঘাছন্ন ৰাতি
নল খাগৰিৰ মাজত
টেপেৰী বাই শেষবাৰৰ বাবে
চুমিছিল মাটি
হাছমৎ ভাইৰ ঘৰত জুই জ্বলিছিল
মাইহাং বাতিত হিংসাৰ আপং এবাতি খাই
খাম্ফা কাই আগবাঢ়ি গৈছিল
চেৰজাৰ তাঁৰৰ আঙুলিত ধৰি
ফেনে ফোটোকাৰে বাঢ়িছিল
চিতাৰ জুইৰ নদী
ফৰকাল ৰাতিপূৱাৰ পোছাক পিন্ধি
ছাইৰেণ বজাই ৰজা আহিছিল
দুচকুত ঘঁৰিয়ালৰ চচমা এযোৰ পিন্ধিছিল
নদীটোৱে যাৱৰ পৰত খুলি থৈ গ’ল
শেঁতা সাজ যেন মৰুভূমি
আত্মাবোৰ মৰুভূমিত চিঞৰি ফুৰোঁতে
গাওঁখনত ওপঙি থাকিল
অৰ্ধদগ্ধ
একতাৰ এনাজৰীৰ এডাল বিবৰ্ণ সূতা ।