এদিন তুমি আহিছিলা --- বিশ্বজিত নাথ

এদিন তুমি আহিছিলা

এখনি ডাৱৰমূখী আকাশ লৈ

আহিছিলা মোৰ নিস্পাপ প্ৰেমক ঘূৰাই দিবলৈ মোৰ হৃদয়ক

নেজানো তোমাৰ দুচকুৰ পৰা

কিয় সৰিছিল তপত বৰষুণ

সিদিনা কিন্ত অভিমান কৰা নাছিলা তুমি

যঠৰ হৈ হৃদয়হীন শিল হৈ বহি আছিলো এছটা শিলত

প্রতিটো শান্তনাই বিদ্রুপ কৰিছিল মোৰ নিস্তব্ধতাক

এপাট এপাট বিহলগা শেল হৈ বিন্ধিছিল মোৰ হৃদয়

তোমাৰ বিদায়ী ক্ষণত

যোগ দিছিলা আৰু এটা দূখৰ স্মৃতি