এন্ধাৰ ৰাতি মোৰ অকলে -
দূৰণী আকাশত জ্বলি থাকে জোন ।
তৰাৰ অবিহনে নিঃসংগ তাৰ বুকু ।
বতাহে কঁপায় তোলে পৰ্দাৰ ছাঁ
ঘামি ঘামি শীতল হোৱা
কোমলীয়া গা ।
তেজস্বী ওঁঠত পিয়াহৰ তান্দ্ৰপ
এটোপাল পানী লাগে মোক ...
এটোপাল পানী দিয়া মোৰ ওঁঠত ।
জুমি চালো খিৰিকীৰে আকাশ -
মেঘৰ মোহনাত ডাৱৰৰ হিল্ দৌল ।
নদীৰ সিপাৰে শাওণৰ পথাৰ
আঘোনৰ পথাৰলৈ
আৰু যে বহুত দিন ...।
ৰাতিটো বোলোতেই
হাতীটো হৈ আহিলে এন্ধাৰ !
চকুহাল জপায় দিলো -
এন্ধাৰৰ মাজতো যে বহুত এন্ধাৰ ...।