এপাহ ৰঙা গোলাপ --- বিশ্বজিত নাথ

মোৰ অনুভবী মনৰ সেউজীয়াখিনিৰ সিপাৰে
তুমি ফুলা এপাহ ৰঙা গোলাপ

অভিমান সামৰি পাহিবোৰে
হাত বাউলী মাতে মোক কাষলে
নীলা আকাশৰ সমস্ত মৰম
ঢিলিব বিচাৰে মোৰ কুমলীয়া হিয়াক

কেতিয়াবা অভিমানত কলা পৰে নেকি
ৰঙা নিতুল পাহিবোৰ

মোৰ হৃদয় উকা কৰি
নেযাবা কোনোকালে আতৰি
বিচাৰো তোমাৰ উমাল পৰশ
তৃষ্ণাতুৰ হিয়াখনিত
থাকা যেন চিৰ জীৱন
এপাহ ৰঙা গোলাপ হৈ ফুলি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,845
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,251
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,685
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,729
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,898