এমুঠি জোনাক দিয়া --- সত্যজিত কাকতি

শুনিছানে?
নামচাঙৰ সিটো পাৰত বহি
কোনোবা গাভৰুৱে বিচ্ছেদৰ
মৌনগান গোৱা ।

দেখিছানে কাৰোবাৰ আঁচোৰত
দাগ লগা তাইৰ পবিত্ৰ নিজস্বতা!
আৰু দেখিছানে
সোণোৱালী বাটত ৰৈ যোৱা
তাইৰ স্বপ্নালী খোজবোৰ
প্ৰতাৰণাৰ ধুলিত পোত খোৱা!

ব'লা আকাশ,
তাইৰ দুগাল বাগৰি থকা
বিভিষিকাৰ সেই নিষিদ্ধ অশ্ৰুমালা গুচাই,
চকুলোৰে বোকা হোৱা উপকূলত
প্ৰেৰণাৰ এমুঠি জোনাক সিচোঁগৈ,

জী উঠক তাইৰ সেউজীয়া সপোনবোৰ
মাথোঁ মোক এমুঠি জোনাক দিয়া ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,014
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,214
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,344
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,775
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,828