যিমানেই আতৰি থাকিব খোজো তোমাৰ পৰা
সিমানেই তোমাৰ প্ৰেমত
পৰো বাৰে বাৰে
কবিতাৰ ভাষা এনেকুৱাই হয় চাগে
পাহৰি যাম বুলি ভাবিলেও তোমাৰ
ওচৰলৈ টানি আনে বাৰে বাৰে ...!
নালাগে মোক সন্মান নালাগে মোক স্বীকৃতি
মাথো লাগে এখন বিশাল হৃদয়
যত থাকিব খোদিত তোমাৰেই নাম
শিৰত লম তোমাৰ চৰণৰ ধূলি
এইয়াই হব মোৰ বাবে আশীৰ্বাদ !