কবিতা :: অভিমানি হৃদয়,অভিমানি সময় --- প্ৰীতিৰেখা দাস

জানিছিলো এদিন অচিনাকি হৈ পৰিম আমি

সমুখত পৰি ৰৱ অভিমানৰ এডাল অদৃষ্য সাঁকো ৷

পাৰ হ্ৱ নোৱাৰা তুমি....

নোৱাৰো মইও......

কেনে আছা তুমি,জানিবৰ মন যাই কেতিয়াবা...

তোমাৰ আবেলিবোৰ নিসংগতাই কঙাল কৰেনে ?

উঠানে এবাৰৰ বাবে অস্থিৰ হৈ মোৰে কথা ভাবি ?

এবাৰ হিচাপ কৰাচোন

কিমানদিন কথা পতা নাই আমি

মৰম অভিমান আৰু ভাল লগাৰে ভৰাই তোলা নাই

ৰুন-জুন আবেলি.....

আজিকালি নিৰ্জনতাৰ গভীৰত চুই চাও

একলা দুকলাকৈ হিয়াজুৰি বিয়পি পৰা তোমাক.....

কিমান দিন তুমি নহাকৈ থাকিবা ?

এদিন, দুদিন, এমাহ বা এব্ছৰৰ পিছ্ত

এদিন উভতি আহিবা তুমি

খুলি থৈ অভিমানৰ নীলা পোছাক ৷

আৰু কবা মই আহিলো মোক সাৱতি ধৰা

মোক কৰি তুলা তোমাৰ প্ৰেমেৰে সেউজীয়া

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,559
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:388
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,040
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,397
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,836
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,109