জীৱন খুচৰি জড় হৈ পৰা তেজবোৰৰ
এতিয়া বাৰীৰ পাছৰ গৰখাৱৈত
চেকুৰ পৰি ক'লা হোৱাৰ অনুলীলন ।
হয় ! অবোধ্য পংক্তিৰ অনুলীলন কৰি
এনেদৰেই এতিয়া অসংলগ্ন অথবা অবাধ্য
মোৰ দেশৰ প্ৰতিখন প্ৰেমিক হৃদয় ।
অবাধ্য হ’লেও আপোনেই দিয়কচোন
মিঠা মিঠা শব্দ-কথা বা প্ৰতিশ্ৰুতি দিয়েই
শৰাইঘাটৰ ৰন জিকা পুতলা সৈনিকৰূপী কাপুৰুষ ।
আস্ ! ৰাজনৈতিক বুলি ভুল নকৰিব !
মৰম , প্ৰেমিকা বা মোমাই :
জ্বলি যাব পাৰে ৰাজনীতিৰ ক্লেদাক্ত পথাৰত ।
কিন্তু আইৰ বুকুৰ মাটিৰ গৰখাৱৈ ???