কবিতা :: অসীমতা --- চিন্ময়ী দাস

চিতাৰ জুইত ৰাতিবোৰ পুৱায়
আন্ধাৰ বোৰে তুলি লৈ যায় মোৰ
ঢৌবোৰৰ সোঁতে সোঁতে
অনন্তকাল বিশ্বনাথ শুই থাকে
সাৰ নাপায়
সাৰ নাপায়
জীৱনে পাৰ নাপায়
.
ব্যাকুল অসীমতাবোৰ সাবটি
গুচি যায়
উৰি যায়
উটি যায়
সমস্ত অলিখিত অশ্ৰুজল
.
(গংগাৰ দীঘল শৰীৰত মই বিয়পি পৰিছো
নগ্নস্তন গলি বৈ পৰিছে
পানীৰঙৰ আঙুলিবোৰে চুমিছে অশ্ৰুজল)
.
কঁপা কঁপা ওঁঠ যুৰি
সাৰ পাই উঠে
.
অলিখিত মায়া
বিধাতা
.
নিজৰ মাজতে গংগাৰ নিজকে হেৰুৱাই ...!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,671
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,100
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,847
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,537
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,445
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:600