কবিতা :: আত্মানুভূতি --- প্ৰদীপ দাস

(১)

প্ৰাতঃ বেলা ।‌ আকাশত নৱ সূৰুযৰ স্থিতি ।‌ বিৰিখত কিচিৰ-মিছিৰ শব্দৰে
জাগ্ৰত বিহংগৰ জাক ।‌ এছাটি চঞ্চল বতাহ ।‌ মৌন পদপথত নিস্তব্ধতাৰে
নিঃসঙ্গ যাত্ৰা...।‌ এনে পৰিৱেশত হিয়াৰ গোপন কোনত আলোড়িত হয় এক বাখ্যা
কৰিব নোৱাৰা সুখময় অনুভূতি ।‌ বিগত দিন আৰু ৰাতিৰ মলিনতাৰে পূৰ্ণ
ক্ষণবোৰৰ বিষস্মৃতি ক্ষণিকৰ বাবে লোপ পায় ।‌ তাৰ ঠাই লয় সুখানুভূতিয়ে !
... মই যেন এটি নৱজাত শিশু ! নতুন মোৰ প্ৰাণ , নতুন মন ... ।‌ নাই মোৰ
অতীত ; আতীতৰ পোৱা নোপোৱা , ভুল শুদ্ধৰ হিচাপ ।‌ সুষমামণ্ডিত বৰ্তমান আৰু
প্ৰাপ্তিৰ কলেবৰ লৈ ৰৈ আছে যেন সেউজীয়া ভৱিষ্যত...!

(২)

বৈ যোৱা নৈখন পাৰ হৈ এখন বহল পথাৰ ।‌ ব'হাগৰ ন পানী পায় সেউজীয়া দলিছা
পৰিছে পথাৰখনে ।‌ দূৰত জাকপাতি বগলী উৰে ।‌ মাচুৰুকাৰ ঠেহপতা মুখ ।‌ পানী
বাঢ়িলে নৈখনে গতি সলাই ।‌ খৰস্ৰোতা হয় পানীৰ সোঁত ।‌ সোঁতত উটি আহে
পাহাৰীয়া বনজ ।‌ পানী বাঢ়ি উফন্দি পৰা নৈখনৰ অতিৰিক্ত পানীবোৰ কেতিয়াবা
কাষৰ পথাৰখনত বিস্তৃত হৈ এখন সৰু সাগৰৰ আকাৰ দিয়ে পথাৰখনক ।‌ কলৰ ভূঁত
উঠি এদল গঞা ডেকাই আকাশলৈ চাই বিহুগীত , ঐনিতমৰে উত্ৰাল কৰে কৃত্ৰিম সাগৰ
।‌ কোনোজনে কয় -" আজি বৰষুণ আহিবনে ? চপাই দে নাওঁ , ইয়াৰ পৰাই উঠাই যাওঁ
জাল ।‌" ন পানীৰে খেলা কৰা মাছবোৰ ফাঁচিবৃদ্ধ হয় ফাঁচী জালত ।‌ মুৱা ,
দৰিকণাই কিৰিলি পাৰে ।‌ ফাঁচিবৃদ্ধ গৰৈ , কাৱৈ , পুঠি-শিঙৰাই অভিশাপ দিয়ে
- " ৰহ , তহঁতৰো বেছি দিন নাই ।‌ পানী শুকালেই তহঁতৰ মৰণ ! " পানীবোৰ
ক্ৰমশঃ শুকাই আহে ।‌ সাগৰাকৃতি পথাৰখন পুনৰ শুকান পথাৰ হৈ পৰে ।‌ কৃষকৰ
কৃপাত গৰ্ভৱতী হয় পথাৰ ।‌ পথাৰৰ কৃপাত চহকী হয় কৃষকৰ হাঁহি ...! নৈখনৰ
পানীবোৰ কমি আহে ।‌ নৈখনে গতি সলাই ।‌ শান্ত হৈ বৈ যায় নদীৰ সোঁত...!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,616
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,114
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,878
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,699
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,927
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,101