কবিতা :: আত্মিক --- অবিনাশ কলিতা

ঘনেপতি মনত পৰা
উজাৰি দিওঁ বুলিও কাকো
দিব নোৱৰা
ৰাখোঁ বুলিও যে গুপুতে
ৰাখিব নোৱৰা
তেনে আশৈশৱ পালিত
এৰি অহা দিনৰ যত কথা
সিয়েই বুকুত দিয়েহি ব্যথা !
.
হৃদয় উপচি পৰা
সমস্ত দুখ মোৰ
সঁচাকৈ উৱলি যোৱা হ’লে
বৰ ভাল আছিল
পুৰণি চাদৰখনিৰ দৰে !
.
জীৱনৰ ভূগৰ্ভৰ পৰা নিৰ্গত
হুমুনিয়াহবোৰ ভাপ হৈ
উৰি যোৱা হ’লেতো
কথাই নাছিল —
ঠিক কৰ্পূৰৰ
ফুৰফুৰীয়া গোন্ধটিৰ দৰে !
.
জাপ খাই থকা দুখৰ
পুৰণি কাগজবোৰকে
কাটি–কুটি যদি
আনে সুখৰ চিলা সাজি উৰুৱায়
কোনেনো বুজিব
দুখৰ গৰাকীয়ে যে কি দুখ পায় !
.
নাভাবোঁ বুলিয়েই তুমি
নভবাকৈ জানো থাকা
এটি–দুটি অলীক কথা ——
জীৱনৰ এৰি অহা
বাটে বাটে উভতি গৈ এবাৰ
লাম–লাকটু
ইটো–সিটোকৈ বুটলি অনাৰ ?
.
কোনে ক’ব পাৰে
নিশ্চয়কৈ বাৰু
সুগম আছিল যে সিটি বাট !
জীৱনলৈ নহ’ল আৰু
যি বাটে যোৱা
তাতো হেৰালহেঁতেনেইবা
নেদেখা–নজনা বাটৰ আঁত !
.
জাগেনে বাৰু তোমাৰো
উদগ্ৰ হাবিয়াহ কেতিয়াবা
একোবাৰ নিজৰে সৈতে
পাতিবলে’ কথা !
কৈ কৈ এষাৰি হ’লেও
ৰৈ যোৱা তেনে অনেক কথা
কোৱা যে নহয় কাকো
ক’ৰবাত লাগে বুলি লেঠা !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,059
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,253
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,817