আকাশী তৰা মই ,
ৰাতি ফুলা আকাশী তৰা ,
পুৱাৰ কাঁচলি ৰ'দত বিচাৰিলে
মোক জানো পাবা .... ৷
দুৱৰি বনৰ বুকুত
তৰাৰ দীপালী ৰচা ,
আকাশৰ বুকুৰ পৰা হঠাৎ খহি পৰা
মই যে নিয়ৰ এটোপা ..... ৷
তোমাৰ বুকুত এচটা শিল হৈ পৰা
যাদুকৰী ওঁঠযোৰ কাহানিও ঢুকি নোপোৱা
মই যে এটি প্রেমৰ গাঁথা
অস্তিত্ব হেৰুৱা ........ ৷
এৰাতিৰ বেদনাৰে বুকু ভৰা
মই যে শেৱালি তলসৰা ,
উজাগৰী দুচকুৰ পতাত থমকি ৰোৱা
মই যে এটি সপোন
আধৰুৱা ....... ৷