কবিতা :: আন্ধাৰ গচকি পোহৰৰ দিশলৈ --- বিশ্বজিৎ নাথ

আন্ধাৰৰ গচকি যাত্ৰা কৰিছো পোহৰৰ দিশলৈ
অসীমৰ পৰা অসীমলৈ
জীৱনে গচকা সময়ৰ বানেৰে
পিঠিত লৈ দূখৰ বোজা
বিচাৰি সূখৰ সংঞ্জা
যাত্ৰা কৰিছো দূৰ দিগন্তলৈ

সময়ৰ শিকনি
জীৱনৰ বুলনি
মায়া মোহত আছন্ন হিয়াখনি
বুকুত বান্ধি লৈ
যাত্ৰা কৰিছো দূৰ দিগন্তলৈ

কৰ্মময় জীৱনৰ
সপোন মোৰ শয়নৰ
উজাগৰী নিশাৰ কেটেকীৰ বিননি লগত লৈ
যাত্ৰা কৰিছো দূৰ দিগন্তলৈ

দূখৰ পিছত সূখ
সূখৰ পিছত দূখ
এয়াই যে জীৱনৰ মায়ালগা মূখ
হিয়াৰ আপোন এৰি থৈ
স্বপ্নময়ী প্ৰেয়সীৰ সপোন লগত লৈ
যাত্ৰা কৰিছো দূৰ দিগন্তলৈ ।