কবিতা :: আৱেগৰ বৰষুণ --- শেখৰ ভট্ৰাচাৰ্য

বুকুজুৰি বাজে প্ৰেমৰ প্ৰাচীন মেঘমল্লাৰ,
দুচকুৰ ধাৰে বৰষুণ হৈ নামে
ব’ব নোৱৰা কলিজাৰ ভাৰ ।

আৱেগৰ বৰষুণত জুৰুলি জুপুৰি
বুকুৰ চুবুৰি,
স্মৃতিৰ এছাৰকণিয়ে তিয়াইহি
উৰুখা জুপুৰি ।

এখুজি দুখুজি কাৰ সন্তৰ্পণ দুভৰি,
নেপূৰ বাজে ৰুণজুণ মোৰ বুকু ভৰি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:2,729
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,797
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,864
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,723
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,504