কবিতা :: ইয়াত এটা ৰাতি আছিল --- প্ৰদীপ দাস

এইখিনিতে
হয় , ঠিক এইখিনিতে ৰাতি এটা শেষ হৈছিল ।‌
এন্ধাৰে গিলিছিল
জুইৱে পুৰিছিল
পানীত ককবকাই আছিল ৰাতিটো...
কোনো ক্ষণত পিয়াহত আতুৰ হৈ উচুপিছিল
ভাগৰত মৰঘাম মচি ফুপাইছিল ৰাতিটোৱে !
হেৰুৱাইছিল
প্ৰতাৰিত হৈছিল
এক কথাত সৰ্বশ্ৰান্ত হৈ
হাতীটোৰ গধুৰ খোজত
ৰাতিটো মৰিছিল !

পুৱালৈ একো নাছিল...
ক্ষত-বিক্ষত চিহ্ন কিছুমান পৰি আছিল
কোনোৱে কৈছিল-
হয় হয় ইয়াত ,
এইখিনিতে এটা ৰাতি আছিল !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,420
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,860
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,807
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,878
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,699
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,927