কবিতা :: উদ্ভট ---শ্ৰী অবনী ডেকা

[১]
হেৰুৱাৰ আনন্দত হৃদয় নাচে
পোৱাৰ বেদনাত অন্তৰে কান্দে ?
সুখৰ অগনিত জ্বলা হৃদয় পৰে শাঁত
ঝংকাৰিত মন-প্ৰাণ শুনি শব্দহীন মাত।
[২]
হেপাঁহেৰে পান কৰি প্ৰিয় গৰল
বক্ৰতা ভৰাই হিয়াখনি কৰা সৰল
সমস্যাৰ সৌধ নিৰ্মান কৰি শান্তিৰ শয়ন
ক্ষোভৰ বহ্নিত ৰক্তিম শান্ত-সৌম্য আজি নয়ন।
[৩]
জনগণৰ শক্তিৰে ব্যক্তি বলীয়ান
সন্মানক সিংহাসনত বহাই অসন্মান
হত্যাৰে গাই আমি মানৱতাৰ জয়গান
স্বাধীনতা পোৱাৰ আনন্দত হওঁ ম্ৰিয়মান ।
[৪]
হৰণ কৰি পুৰণ কৰো ধনৰ লালসা
ৰুগ্ন শৰীৰেৰে অমৰত্ব প্ৰাপ্তিৰহে মনসা
বিদেশীৰ প্ৰভুত্বত থলুৱা গণৰ হৰ্ষোল্লাস
বুজিও একো নুবুজাৰ ভাৱেৰে সকলো উদাস।
[৫]
সঁচাকৈ বিচিত্ৰ উদ্ভট মোৰ মৰমৰ দেশ
শান্তিৰ বেদনাৰ অপেক্ষা কেতিয়ানো শেষ
আনন্দৰ চিৎকাৰ আৰম্ভ হ’ল স্বদেশৰ নিশেষ
আহিব শীঘ্ৰে ধ্বংসস্তূপ নিৰ্মাণৰ উদ্ভট জনাদেশ।
[৬]
ধ্বংসৰেও নহ’ব সমস্যাৰ নিশেষ
বিদেশীয়ে পাতিব বিশাল গণসমাবেশ
স্বদেশীৰ নালাগে বিদেশীয়েই লব স্বদেশীৰ বেশ
নৱ নিৰ্মিত হ’ব সুন্দৰকৈ বিদেশীৰেই মোৰ স্বদেশ।।
[৭]
দেশ বুলিলেই নহ’ব লাগিব আদেশ
অনাগত প্ৰজন্মই স্বদেশতেই পাব বিদেশ
আনন্দই নধৰে হিয়া দেখি স্বদেশৰ ৰূপ-ৰেহ
সুন্দৰ হ’ব বিদেশীৰ দ্বাৰা নিৰ্মিত মোৰ স্বদেশ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,239
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,987
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,005
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:261
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,911