কবিতা :: এজাক বতাহ বলিছে --- ৰাজিদুল ইছলাম

এজাক বতাহ বলিছে !

"প্রেমৰ বতাহ"

মোৰ হিয়াত উপচি পৰিছে ৷

হৃদয়ত থৰ থৰ কপনি হৈছে ৷

বলিয়া মনটোৱে,

ক্রমশ মাতাল হৈ পৰিছে

অন্তৰৰ টিঘিল ঘিলত

হুমিয়াই এটা সপোন,

অতি সন্তপর্নে,অতি নিৰৱে ৷

যিয়ে মোক লৈ যায়.....

গহীন বনলৈ অথবা

মাজ সাগৰৰ কোবাল সোঁতত !

যিয়ে মোৰ বাবে

প্রেমৰ সফুঁৰা জগায় !!

আৰু.....

সিয়েই নিশা মোক

প্রেমৰ গীত শুনাই ৷

আৰু কানে কানে কয়

তাই অবিহনে,

উদং হৈ ৰৱ বুকু !!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,747
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:398
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,772
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,215
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,374
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,224