কবিতা :: কবিতাৰ নিচান --- মাহিম ৰয়

হৃদ সাগৰত নিঃশব্দ উৰ্মিমালা
ক’বতো নোৱাৰি
কোন ক্ষণত ই জন্মা
শাৰদীয় বতৰত তোমাক দেখাৰ
শুভ ক্ষণতেই হ’ব চাগে

কিনকিনয়া হেঙুলীয়া বৰষুণত
অতদিনে তিতি আহিছে
বুকুৰ আদিম ভাস্কৰ্য

খেৰীঘৰৰ মজিয়াত
কঁহুৱা কোমল হৈ দূলি আছে
দহ হাজাৰ জ্যোতিৰ চাকি
সৌদামিনী জোনাকৰ সাজেৰে
তুমিয়েই চাগে
লাহী দুপট্টাখনেৰে উৰুৱাইছা
কবিতাৰ নিচান

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,618
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,789
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,101
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,380
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,144