আখৰ বা শব্দৰ
নাই যে ভৌতিক শৰীৰ
নাই শিপা–ছাল,
ডাল–পাত–ফুলৰ অপৰূপ বাহাৰ।
…
জানো,
কবিতাও তেনেই অশৰীৰী
অভিন্ন আত্মাস্বৰূপ কবিৰ
সুখে–দুখে আজন্ম সহচৰী ।
…
প্ৰমাদবশতঃ
প্ৰেমিক কবিয়েতো
সাদৰ আঙুলি বুলাই
চাব খোজে লিৰিকি বিদাৰি
কবিতাৰ ছাইৰঙী চুলিটাৰি।
…
শব্দৰ জোনাকত তিতি বুৰি
প্ৰেমাকুল কবিয়ে চাই ৰয়
কবিতাৰ সেই নীলিম চকুযুৰি
আছে য’ত উজলি
আলফুলীয়া সপোনৰ শাৰী !
…
অমল প্ৰেমৰ সঁফুৰা বিলাই
জীৱনৰ ভিতৰে বাহিৰে মোৰ
কবিতাই যে বিচৰণ কৰে
উটি ভাহি ফুৰে হিয়া আকাশত
চিফুং বাঁহীটিৰ সুৰৰ দৰে।
…
প্ৰাণভৰি এবাৰ
মাথোঁ এবাৰ কবিতাক চুই চাবলৈ
উদ্বাউল হয় যিমানেই কবিপ্ৰাণ
দূৰে দূৰে ৰয় কবিতায়ো সিমান।
তাতেই কবিৰ কত যে অভিমান !
…
কবিৰ মানত আজি কবিতা
শৈশৱৰ বাটে বাটে
তাহানিতে খেদি ফুৰা যেনিবা
সেই মিঠা সোঁৱৰণৰ
আনন্দঘন ছয়াময়া ছাঁ।
…
আৰু কেতিয়াবা
কবিকেই ৰচোঁ বুলিও একোবাৰ
নাচি উঠে দেখোন
অনাখৰী,আঁকৰী কবিতাৰ গা !
…
এৰা, বুজিছোঁ কবিতা মাথোঁ
নহয় কাৰো মনে সজা বাগিছা
কবিৰ নিৰন্তৰ সংগী
কবিতা কবিৰেই জীৱন গছৰ ছাঁ।