কবিতা কবিতা লগা ছোৱালীজনী
কবিতা হৈ এ ৰ’ল ।
বেলি লহিওৱা সময়ত
জিলিকি উঠা তাইৰ ৰঙীন
অভিমানী হাঁহিটি
চাও নাচাও কৰা মিঠা চাওনি......
ক্ৰমশ চিনাকী হৈ পৰা গাঁওখনি
নষ্টালজিক আবেলিৰ পলবোৰ
নিঃচিহ্ন হেজাৰ খোজ
"মন যায়,মন যায়......
.......মোৰ ও মন যায়....!"
তেনেকৈয়ে....
নীৰৱতাৰে পৰিসমাপ্তি হল
আৰম্ভণি নোহোৱা এটা স্মৃতি ।।