কবিতা :: কলম --- জাহাঙ্গীৰ আলম

মোৰ অন্তৰখন ক’লা চিয়াঁহীৰে ভৰা যদিও
কৰ্মৰ দ্বাৰা বিশ্বক মই উজ্বলাই ৰাখোঁ
মই অবিহনে ন্যায়ালয়ত ন্যায়াধীশে
চুৰান্তু সিদ্ধান্তত স্বাক্ষৰ কৰিব নোৱাৰে ।

সেয়ে অন্তৰখন ক’লা বুলি নকৰিব হে'লা
মই অবিহনে শিক্ষাৰ্থীৰ শিক্ষা জীৱন অসম্পূৰ্ন
মই অবিহনে সকলোৰে পৰিচয় থাকে লুকাই
মোৰ অবিহনে কোনেও বিশ্বত জিলিকিব নোৱাৰে ।

মই কোনোবাৰ পকেটত কোনোবাৰ টেবুলৰ ওপৰত
এক নিৰ্জীৱ জড় পদাৰ্থৰ দৰে পৰি থাকোঁ
যেতিয়াই কোনোবাৰ হাতৰ পৰশ পাওঁ
সক্ৰিয় হৈ ইতিহাস ৰচিবলৈ ধৰোঁ ।

মই অবিহনে সাংবাদিক,সাহিত্যিক,কবি
সকলোৰে জীৱন মোৰ দৰেই অচল
মই অবিহনে এই সংসাৰত কোনেও
নিজৰ প্ৰতিভাৰ বিকাশ কৰিব নোৱাৰে ।

মোৰ অন্তৰ ক’লা চিয়াঁহীৰে ভৰা বুলি
এন্ধাৰত মোক পেলাই নাৰাখিব
মই সকলোৰে পকেট আৰু হাতত থাকি
যুগে যুগে সক্ৰিয় হৈ থাকিব বিচাৰোঁ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,117
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,969
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,863
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,170
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,500
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,472