কবিতা :: কাশী --- চিন্ময়ী দাস

মৃত্যু উপত্যকাত উৰি ফুৰে সুৰ
বেসুৰা জীৱনৰ
.
মোৰ আৰম্ভণিৰ পৰা
সকলোবোৰ প্ৰাসংগিক‌ পংক্তিৰ পৰা
.
ইয়াত একো নাই
মৃত্যু পৰ্যন্ত আৰু
মৃত্যুৰ বাহিৰে
.
গংগাই কথা কয়
এই জীৱন উচ্ছ্বাসৰ
এই জীৱন মৃত্যুৰ...
.
পানীৰ সতেই বৈ যায় বিননি
আপোন তেজ
.
ইতিহাসৰ লিপিবদ্ধ চহৰখন
চিনাক্ত অথচ বস্তুনিষ্ঠ অচিনাক্ত চহৰখন
চাকিবোৰৰ সমুখত জ্বলি ৰয় বিশ্বনাথ
.
আকাশখন সমুখত লৈ ঘুৰি থাকে চাকিবোৰ
নিৰন্তৰ প্ৰাচীন চহৰখন
.
চাকিবোৰ মানুহৰ কৌতুহল
ভক্তৰ অৱচেতন বাসনা
গংগাৰ শূণ্যতা পূৰক
.
কোনো ৰঙ নাই
অথচ গেৰুৱা গেৰুৱা গোন্ধ
জীৱনহীনতাৰ সুবাস
ইয়াতেই ৰৈ যাওঁ
উদযাপিত মৃত্যু
মৰি যায় সময়বোৰ পলে পলে
মায়া
নীৰৱতা
শূণ্যতা
মৃত্যু উপত্যকা...!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:2,799
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,343
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,169
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,765
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,548