গছ আমাক লাগে
যিমান পাৰা ৰোপন কৰা
জধে-মধে অকাৰণত গছবোৰ নাকাটিবা
ভালপোৱাৰ প্ৰতিশ্ৰুতিত শ্যামলী হওঁক এই ধৰা ৷
…
গছ নাথাকিলে কি হ'ব এবাৰ ভাবি চোৱা
গছৰ অবিহনে স্তব্ধ হ'ব আমাৰ উশাহ-নিশাহ
আমি নাথাকিলে গছো নাথাকিব মৰুভূ হ'ব ধৰা
জীয়াই থকাৰ হেঁপাহ কাৰনো নাই কোৱা ?
…
জীৱ শ্ৰেষ্ঠ যদি তুমি হোৱা
নিজে জীয়াই থাকি আনকো জীয়াই থাকিবলৈ দিয়া
বৃক্ষৰোপন কৰা আনকো অনুপ্ৰেৰণা জগোৱা ৷
"গছ ডাঙৰ হ'লে ছাঁ
লৰিলে বতাহ ৷"
— হাতযোৰ কৰিছোঁ গছবোৰ নাকাটিবা !
…
গছ বুঢ়া হয়
একেদৰে এসময়ত তুমিও হ'বা
এয়া প্ৰকৃতিৰ নিয়ম পৰিৱৰ্তন কেনেকৈ কৰিবা ?
বুঢ়া হ'লেও নাভাবিবা ই কামত নহা আৱৰ্জনা
ফুল-ফল নাপালেও
গৰমত জিৰাবলৈ শীতল ছাঁখিনিতো পাবা
হাতযোৰ কৰিছোঁ —
"গছবোৰ নাকাটিবা
এই সুন্দৰৰ পৃথিৱীখন ধ্বংস হ'বলৈ নিদিবা....!!"