কবিতা :: গুৱাহাটীত এদিন --- শেখৰ ভট্ৰাচাৰ্য

আমি গৈছিলো হালাকুৰাৰ পৰা গুৱাহাটীলৈ

মই-ৰাহুল-বিশ্ব

এখন ৰেলত আমি সকলো সহযাত্ৰী

আৰু পৰিপূৰক সকলো সকলোৰে

ওৰে বাটটো আমি হাঁহিছিলো

খুহুতীয়া কথাৰে,

খাইছিলোঁ বহুতো পিঠা-বিস্কুট-কণী

খেলিছিলোঁ অন্তাক্ষৰী

গাইছিলোঁ প্ৰেমৰ গান,

চাইছিলোঁ ৰেলত থকা ছোৱালীবিলাক ,

ইজনে সিজনৰ ওচৰৰ পৰা

আৰু আৱিষ্কাৰ কৰিছিলোঁ

আমাৰ মাজত আমিয়েই

আগতে নোপোৱা একো একোটা পৰিচয় ।

জীৱনত প্ৰথমবাৰ গৈ পাইছিলোঁ

এখন অপৰিচিত চহৰত ,

উঠিছিলোঁ চিটি বাছত ,

থিয় হৈ আছিলো লেডিজ ছীটৰ কাষত ,

তাৰ পিছত গৈ পাইছিলোঁ লক্ষ্যস্থানত ,

এনেকৈয়ে কটাইছিলোঁ

গুৱাহাটীত এদিন ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,225
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,747
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,277
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,959