কবিতা :: চাকৰি নোপোৱাৰ বেদনা --- শেখৰ ভট্ৰাচাৰ্য

সপোনবোৰ যেতিয়াই

ভঙা বুলি মনত হয়

তেতিয়াই মনটো বেয়া লাগে

এই ভঙা সপোন দেখা

আধাডজন বন্ধু বান্ধবীৰ

আড্ডাৰ স্থান হ’ল

হালাকুৰাৰ ৰেলগেট ।

হালাকুৰাৰ অলিয়ে গলিয়ে

জানে আমাৰ আড্ডা মৰাৰ

স্থানৰ কথা ।

সকলোৱে জানে আমাৰ

দেউতাৰ নাই টকা কড়ি

আমাৰ নাই কোনো ভাল

কোম্পানীৰ বাইক এখন ,

পুৰণি ছেকেন্ড হেন্ড স্কিন টাচ

মোবাইলটোৱেই হ’ল আমাৰ

একমাত্ৰ সম্পদ ।

কোনোবাই কয় যদি আমাক

দেওয়ানি বুলি,

তাত আমাৰ নাই কোনো লাজ

নাই কোনো ভয়

কাৰণ আমি চাকৰি নোপোৱা

ল’ৰা -ছোৱালী ।

যদি কোনোবাই কিবা কামত

দহটকা লাভ কৰে

সেইদিনা টেপা খুৰাৰ দোকানত

হয় ডাঙৰ পাৰ্টি

ৰাহুল ,সুকুমল,বিশ্ব,ৰত্নদীপ মন্দিৰা আৰু মই ;;;;;;;

টকা নাথাকিলেও

চিন্তা নাই,এটাকৈ চপ খাই

কটাম কিছু সময় আৰু

কথাৰে জমাই দিম পাৰ্টি ।

ৰত্ণদীপে ধৰিব ভূপেনদাৰ গান

মন্দিৰাই তাল দিব

ৰাহুলে বজাব হাতেৰে চাপৰি

সুকুমল আৰু বিশ্বই

উলাহতে গাব -যদি তোৰ ডাক

শুনে কেও নাশে ,তবে একলা

চলো ৰে ,

কয় যদি কওক কোনোবাই

আমাক ফালতু বুলি,

তাত আমাৰ নাই কোনো লাজ

নাই কোনো ভয়

কাৰণ আমি চাকৰি নোপোৱা

ল’ৰা-ছোৱালী ,,

ইয়াতকৈ ভাল পাৰ্টি

কোনোবাই জমাব নোৱাৰে ।

গাৰ্লফেন্ড থাকিবলৈ হ’লে

লাগিব টকা আৰু বাইক এখন ,

সাধাৰন হায়াৰ ছেকেন্ডাৰী

পাছ কৰা আমি ,

নাই কোনো হাই কোয়ালিফাইড

ডিগ্ৰী চাকৰিৰ বাবে ।

টকা নাথাকিলে ধুনীয়া

সপোনবোৰ দেখি লাভ নাই,

তথাপি ট্ৰেইনিং বা কোচিং

নোলোৱাকৈ দিছিলো

মাদ্ৰাছা টেট,

কিয় যে উত্তীৰ্ণ হ’ব নোৱাৰিলো

গমে নাপালো ,

যদি কোনোদিনা এজনী

ৰূপবতীক পাই যাও

তেতিয়া চিন্তা নাই

জীৱনৰ গাড়ী চলি যাব ,

আমি মদ নাখাও

নেখেলো জুৱা

তথাপি দেখোন পটেকখন

সদায় খালী থাকে ,

মাজে মাজে মিছকল

দিয়াৰ টকাও নাথাকে

এই ছেকেণ্ড হেণ্ড মোবাইলত ,

আমি যে বেকাৰ তাৰে

প্ৰমাণ এইটো ,,,

কয় যদি কওক কোনোবাই

আমাক কনজুচ বুলি

তাত আমাৰ নাই কোনো লাজ

নাই কোনো ভয়,

কাৰণ আমি চাকৰি নোপোৱা

ল’ৰা-ছোৱালী ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,788
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,797
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,864
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,723
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,641