শৈশৱতে আইয়ে কৈছিলে
বান্দৰ আৰু ঘৰিয়ালৰ সাধুকথা ,
আৰু বহুবাৰ বুজাইছিল অচিন জনৰ
পৰা নিজকে আতৰাই ৰখাৰ কৌশলৰ কথা ....
যৌৱনৰ দুৱাৰ দলিত ভৰি থোৱাৰ পৰত,
গমকে নাপালো ,
কেতিয়া যে গজি উঠিল ,
হেপাঁহ খেদি ফুৰা দুখনি ডেউকা .......
আৱেগে পাৰ কৰিবলৈ শকতি দিছিলহি
সাগৰৰো পৰিসীমা......
আই তথাপিতো কোনোদিনে পাৰ কৰা নাছিলো ,
তহঁতে আঁকি দিয়া লক্ষণৰেখা ,
বুকুভৰি যে আছিল তহঁতলৈ
নিজতকৈও অধিক ভালপোৱা ।
এদিনাখন তহঁতৰ হেপাঁহেৰে বুলাই দুহাত ,
খোজ দিলো তহঁতেই আগুৱাই দিয়া
সেই চিনাকি চিনাকি বাট.......
আই তইতো কোনোদিনেই কোৱা নাছিলি,
চিনাকি সকলেওঁ কঢ়িয়াই ফুৰিব পাৰে
আঁৰে -আঁৰে এক অচিনাকী মুখ.....
তই যে নিশিকালি আই ?
কেনেকৈ চিনি উলিয়াব লাগে
মুখাৰ আঁৰৰ মুখ ।
আই মোৰ, এতিয়াতো
বহুতো পলম হ’ল.....
হৃদয়ৰ গৰাকীয়েই যেতিয়া
হৃদয়ৰ মঙহেঁৰে পাতিলে বৰ ভোজ,
বিশ্বাসে বাছি লবলৈ বাধ্য হ’ল আত্মহননৰ পথ...
আত্মীয়ই আৱেগৰ চলনাৰে ,
নাবান্ধা হ’লে দুভৰি,
শতৰুৰ ইমান সাহস ক’ত,
ৰুধিবলৈ মোৰ জীৱনৰ বাট ।
আই মোৰ, পিতাইক কবি তই,
ইমানৰ পাছতো ,
মই এৰা নাই , তহঁতে শিকোৱা
অমৃত সন্ধানী পথ.....
ফিনিক্স পক্ষীৰ দৰেই মই,
পাখি হেৰুৱাইও,
হেৰুৱা নাই সুৰুজক চুই চোৱাৰ সপোন ।।