অনুভৱৰ পাতত তোমাক আঁকি
কি লাভ
সপোনৰ বাটত আগ বাঢ়ি
কি লাভ
এতিয়া মই নহয় তোমাৰ
তুমি নহয় মোৰ
কেতিয়াও তোমাৰ হ’ৱ নোৱাৰো
তুমিও হ’ব নোৱাৰা মোৰ
সৰগী সুখত আছো
ৰঙীন সুৰত নাছো
তথাপিও জানো কিয়
তোমাৰ স্মৃতিৰ মাত্ৰ এটা সুবাসে
থৰ থৰকৈ কপায়
হুৰ হুৰকৈ খহাই
মোৰ অন্তৰৰ পাৰ ।