কবিতা :: চোলা --- প্ৰদীপ দাস

নৈপৰীয়া বতাহ এজাকে
চুই যোৱাৰ পৰত
তাইৰ ঢৌ খেলা চুলিয়ে নেওঁতা পঢ়িছিল...

জাকৈয়া গাভৰুৰ বিয়নি মেলত
চেঙেলী মাছে কিৰিলিয়াইছিল
বতাহজাকক গাৰ পৰা এৰুৱাবলৈ
তাই অপ্রাণ চেষ্টা কৰিছিল
বতাহক চেৰাই
চাদৰৰ আঁচলে যৌৱন লুকুৱাব পৰা নাছিল !

সেইদিন ধৰি তাই চাদৰ নিপিন্ধিছিল ,
পিন্ধিছিল কোনেও নেদেখা
এটা অদৃশ্য চোলা... !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,101
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,699
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,105
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,927
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,764
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,963