কবিতা :: ছন্দহীনতা --- মহিদুল ইছলাম বুলবুল

কেতিয়াবা কবিতাও ভোগে ছন্দহীনতাত,
শব্দৰ উম বিচাৰি হাহাকাৰ কৰে এটি এটি কবিতা ;
মইয়ো প্ৰেম কৰিছিলোঁ
নিজতকৈও হয়তো বেছি
ভাল পাইছিলোঁ ,
.
মোৰ জীৱনৰ ৰংবোৰ সেই
তেতিয়াহে নোহোৱা হৈছিল
যেতিয়া তাই কৈছিল ,
মই প্ৰেম নহয় মাথোঁ মোৰ
সময় বোৰ হে তোমাৰ লগত অতিবাহিত
কৰি আছিলোঁ বুলি ।
.
এতিয়া সাহসেই নাই
আকৌ প্ৰেম কৰিম বুলি
মাথোঁ জীয়াই আছো
নিজৰ মাজত এখন নাটক কৰি ।
কোনে জানে
কাৰ বাবে কেতিয়া আহে শব্দৰ ধুমুহা,
এসাগৰ শব্দ..তথাপি কি যে অনন্ত পিয়াহ..
তোমাৰ বাবে আজি শব্দ বাঁচিছো..
খুব সযঁতনে..
এটি দুটি বহুতো..লিখিছো এটি ছন্দহীন কবিতা..আহিবা..পঢ়িবাহি..

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,720
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,322
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,865
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,693
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,909
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,490