কবিতা :: ছাইলেণ্ট ভেলীৰ গাভিনী হাতীজনী --- সমুজ্জ্বল ডেকা

মই ছাইলেণ্ট ভেলীৰ গাভিনী হাতীজনী
মোক সোধা — ভোকৰ তাড়না কি ?
লঘোনে পাৰ কৰিলোঁ কিমান দিন আৰু কিমান ৰাতি ৷
পেটত এটি সন্তান আছে — মই গৰ্ভৱতী
মই নাখালে সি পাব কি ?
মৰি থাকিব;
মই এগৰাকী মাতৃ
মই নাথাকিলেও জীয়াই ৰাখিব লাগিব সন্তানটি
সেয়া ভাবিয়েই ওলাই আহিছিলো
বনাঞ্চল পাৰ কৰি জনাঞ্চললৈ বুলি
শুনি আছিলোঁ— মানুহবোৰে আমাক বহুত মৰম কৰে
মানুহবোৰে আমাক প্ৰাণখুলি পূজা কৰে
মোক খাবলৈ দিছে— মোৰো পেটত ভোক আছে কিমানদিন যে একোৱেই পোৱা নাই
আনাৰস মোৰ প্ৰিয়— সেয়াও দিছে মনত আনন্দ লাগিছে ৷
তাতেই বিশ্বাসে থুপ বান্ধি আছে সন্দেহৰ থল বাৰু কেনেকৈনো থাকে!
আনাৰসত আঁতচবাজী সুমুৱাই কেনেকৈনো পাৰে মৃত্যুৰ ষড়যন্ত্ৰ ৰচিবলে
বুকু মোৰ দহিছে মুখমণ্ডল যেন উখহিছে
বিষ-তাড়না-পোৰণিত ৰ'ব নোৱাৰি মুখমণ্ডল পানীৰ তলতে থৈছো সুমুৱায়
হায়! কি মানৱ ৷
মানৱীয়তা গুণ দেখোন তিলমানো নাই ৷
দুখ লাগিছে আজি মনে হুকহুকাই কান্দি আছে
মইতো নাথাকিম মোৰ সন্তানটিকো ৰাখিব নোৱাৰিলোঁ জীয়াই
আজি তিনিদিন হ'ল ভীষণ যন্ত্ৰনাত ভুগি মই ক্ৰমশঃ জথৰ হৈ পৰিছোঁ;
মই নিৰ্দোষী আছিলোঁ ৷
মোৰ মৃত্যুলৈ আৰু মোৰ সন্তানটিৰ মৃত্যুলৈ বেছি পৰ নাই ৷
ইয়াতকৈ ডাঙৰ শোক ক'তোৱেই নাই
যেতিয়া মাতৃয়ে সন্তানৰ মৃত্যুৰ আগজাননী পায়
আৰু ৰক্ষা কৰাৰ আপ্ৰাণ চেষ্টাত হৈ পৰে নিৰুপায় ৷
এটি মাথো প্ৰশ্ন মনত থাকি যাব —
আমাৰ মৃত্যুৰ বিপৰীতে কিয় মৃত্যু সেইসকলক দানৱক দিয়া নহয় ?
নে আমাৰ জীৱনৰ মূল্য সেইসকল নৰ-পিশাচৰ জীৱনৰ তুলনাত নিম্ন...!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,233
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,403
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,137
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,665
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,522
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:2,464