কবিতা :: জালুকবাৰী --- জিতুল কলিতা

মাতাল নগৰৰ উৰ্ধত যেতিয়া হওঁ নিশাচৰ,
সময়ৰ ব্যাকুলতাত জীৱন হয় বৰ ব্যস্ত,
অৰ্ধনগ্ন সমাজৰ ঢৌত বিচ্যুতি ঘতে লক্ষ্যৰ।
পথৰ দাঁতিৰে যেতিয়া খোজকাঢ়ি ফুৰোঁ
দেখো মানুহৰ হেজাৰ নতুন অৱতাৰ।
.
.
.
সময় তেনেকৈ ৰৈ যায়..
হয়তো সেইবোৰ কবিতা লিখিব নোৱাৰি।
জালুকবাৰীৰ নিমাসিকতাত যেতিয়া সময় উৰি ফুৰে
অযুহাত হয় সময়, নিসংগ হয় কলম
ষ্ট্ৰীট লাইটৰ পোহৰত হেৰাই কেতিয়াবা
কাৰোবাৰ সপোন, কাৰোবাৰ যৌৱন
হয়তো সেইবোৰ কবিতা লিখা নহয় কাহানিও
এই বিষাদ জালুকবাৰীৰ কথা।
.
.
.
ঘনে ঘনে হোৱা সময়ৰ মিছিল পৰিবেশত
কোনোবাই বিচাৰে ২ টকা অথবা,
সৰু ল’ৰা এজনৰ শান্ত মৰম মাত
"দাদা ঠাণ্ডা পানী লওক ১০ টকা মাত্ৰ",
আৰু নিচাসক্ত পৰিবেশত কোনোবাই উৰুৱাই
হেজাৰৰ পিছত হেজাৰ টকা,
হয়তো বিলাসিতাত কোনোবাই হেৰাই পেলাই
মানৱতা নামৰ পৰিচয়পত্ৰ খন ।
.
.
.
সুৰাৰ ৰাগীত যেতিয়া চলি যায় ব্যস্ত চহৰ,
কাৰোবাৰ পেটত নপৰে এটোপা পানীৰ সংলাপ।
কবিতা লিখি লিখি যেতিয়া ভাগৰি পৰে ব্যৰ্থ প্ৰেমিক,
সিদিনা কলম পংগু হৈ পৰে,
কিয়নো সকলোবোৰ কবিতা লিখিব নোৱাৰি ।
.
.
.
ব্যস্ত জালুকবাৰীয়ে প্ৰেম শিকাই,
শিকাই যায় সপোনৰ নতুন হিচাপ,
উৰনীয়া সেতুৰ প্ৰতিজন ব্যক্তিয়ে বান্ধি যায়
৩৬ ডিগ্ৰী উঞ্চতাত চলাই যোৱা জীৱনৰ নতুন সংজ্ঞা।
.
.
.
চিগাৰেটৰ ধোঁৱাত কাৰোবাৰ বিষাদ উৰে
তেখেতে হয়তো হিচাপ নকৰে,
মৃত্যুলৈ আৰু কিমান দিন বাট?
মাথোঁ জালুকবাৰীৰ সৈতে গঢ়ি যায়
এক নতুন জীৱন লিংক।
.
.
.
জীৱনৰ সৈতে প্ৰেম কৰি যেতিয়া ৰচনা কৰে
গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন প্ৰেমৰ কবিতা,
তেওঁ পাহৰি যায় জালুকবাৰীৰ সেই তাহানিৰ পুৰণি ছবি।
জীৱন আৰু হাবিয়াসৰ মাজত যিদিনা যুদ্ধ হয়,
তেৱো প্ৰেমত পৰে,
নিশা সমাধিক্ষেত্ৰৰ প্ৰৱল সৌন্দৰ্য্যৰ,
আৰু ৰচি যায় কত যৌৱনৰ প্ৰেমৰ সম্ভাৰ।
.
.
.
ফুতপাথৰ বাকৰিত যেতিয়া দেখোঁ
দৰিদ্ৰতাত যোজা শ শ মানুহ,
তেতিয়াই উপলব্ধি হয় বহুবাৰ
অবাবত নষ্ট কৰা ১০ টকাৰ মূল্য কিমান আছিল ।
.
.
.
এনেদৰেই চলি যায় বিষাদ জালুকবাৰী
কাৰোবাৰ হাঁহিত আকৌ জিলিকে সমাধিক্ষেত্ৰ
কিম্বা কাৰোবাৰ কান্দোনত ম্লান হয় পৰে
জালুকবাৰীৰ ষ্ট্ৰীট লাইটৰ পোহৰ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:12,369
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,343
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:255
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,221
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,173
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:477