কবিতা :: জীৱন নদীৰ হেঁপাহ ঘাট --- সুদক্ষিণা ভূঞা

দুৰ্ব্বাসা মুনিৰ নিৰ্ব্বাসন
শকুন্তলাৰ অন্তৰ্দহনৰ শেহান্তৰ
হিঁয়া সাত পেলোৱা এজাক শীতল বৰষুণ
বুকুৰে নিগৰিত হিম শীতল যেন হিমস্খলন
পাহৰণি,দুখ,ক্ষোভ,অপবাদ ,অন্তৰবেদনাৰে
জৰ্জৰিত এটা কাল নিশাৰ অৱসান
...
হিল্লোলিত কালনিশাৰ বুকুত
পুঁৱতি নিশাৰ মিচিকিয়া হাঁহি
নাই ক'তো অলপো কপটতা নাই
নিষ্পাপ সৰল পৱিত্ৰতাৰে পূৰ্ণ
দশোদিশে বিয়পি পৰিছে মাথোঁ
হেঙুলী ঊষাৰ সাতোৰঙী কিৰণ

যেন এই ভূমিষ্ঠ হোৱা কোনো নৱজাতকৰ উজ্বল বৰণ

জীৱন নদীৰ কাব্যৰস নিগৰি নিগৰি বয়
যেন গলিত হিমমণ্ডল
কামছায়াত ৰ'দৰ জিলমিল
আৰু শিহৰণ তোলা কোনোবা গভীৰ অৰণ্যৰ
মলয়াই বোৱাই অনা বন্য কুসুমৰ সুবাস
যেন পঞ্চৱটী বন

এইয়াটো তোমাৰেই আগমনী

ধোঁৱা ধোঁৱা যেন হিমাংক কণাৰ আঁচল মেৰিয়াই
হেঙুলী ঊষাৰ ফেহুঁজালি ফালি
চপালাহি তোমাৰ ডিঙৰা মোৰ জীৱন নদীৰ হেঁপাহ ঘাটত
লগত আনিছা ছন্দোময় কাব্যালংকাৰ ছন্দ
যেন মন্দাক্ৰান্তা

নিৰ্জন এই জীৱন নদীৰ হেঁপাহ ঘাট
আন কোনো নাই মাথোঁ তুমি আছা
আৰু আছো মই
আৰু আছে প্ৰেম ভাল পোৱা আৰু স্বপ্ন

তোমাৰ স্পৰ্শ যেন স্পৰ্শ নহয়
কোনোবা অটব্য অৰণ্যৰ বনাগ্নি
তোমাৰ নিশ্বাস যেন নিশ্বাস নহয়
কোনো গহন বনৰ কুসুম সুবাস
তুমি তুমি নহয় যেন কোনো গুহামানৱ
মেগানথ্ৰপাচ কিম্বা অষ্ট্ৰেলোপিথেকাচ
তোমাৰ আলিংগন যেন আলিংগন নহয়
কোনো আদিম প্ৰাণী
ডাইনোথেৰিয়াম কিম্বা মেগালোচৰাচ
দুবাহুৰে আকোঁৱালি প্ৰণয়ৰ চুমা যাঁচি
মোৰ এই হেঁপাহ ঘাটত
তৃপ্ত কৰিলা তোমাৰ অতৃপ্ত বাসনা
কোনোবা পূৰ্ব জনমৰ ...