অভিমান নকৰিবা
অভিনয়ো নকৰিবা
নুসুধিবা শূন্যতাৰ সংজ্ঞা..
সুখৰ সাধুকথা নাজানো মই।
বৈভৱৰ পৃথিৱীৰ
মইয়েই আজি অধীশ্বৰ!
শূন্য হৈ মহাশূন্যত
মইও বিলীন হ’ম।
বৈভৱৰ বৈধতা কিমান ?
পাৰিলে বাওঁফালে বহা এবাৰ !
শূন্যতাৰ পৰা পলাই যাম
এক, দুই কৰি আৰম্ভ কৰা..
চৌদিশ মুখৰিত আজি
সেউজীয়া সম্ভাৱনা