কবিতা :: তুমিহীন ৰাতি --- সমুজ্জ্বল ডেকা

আকাশত তৰাফুল ফুলা দেখি তোমালৈ বৰকৈ মনত পৰিছে
জোনাকী লহৰত গা তিয়াঁই ভালপোৱা তোমাৰ যৌৱনে কিমানটি বসন্ত অতিক্ৰম কৰিলে
মই সঁচাকৈ পাহৰিছোঁ !
মনত পেলাবলৈ আৰু সশৰীৰে লগ কৰিবলৈ তুমি কেতিয়ালৈ আহিবা ?
ৰাতিৰ বতাহজাক লগত লৈ যেতিয়া উশাহত সেৱন কৰো ধূলিকনা
তুমি সৌ দূৰ-দূৰণিৰপৰা চাই ৰং পোৱা হ'বলা ৷
অকলে চোতালত বহি মৌন সময়ৰ কোলাত যেতিয়া শুনো কাণপাতি
তুমি যেন গীত জুৰিছা নিলগত হৈ জুৰিটি
তুমি যেন সুৰীয়া নিশাচৰ চিনাকি পক্ষী
মই হ'ব বিচাৰোঁ তোমাৰ সুৰক কবিতা কৰা এগৰাকী কবি ৷

তোমাৰ উমান শেৱালিজোপাৰ সুবাসে দিয়ে
সজল নিয়ৰৰ কণাই পাতত উমলিছে
মোৰ আঙুলিৰ পৰশত লাগি তোমাৰ হাঁহিয়াল মুখনি ভাহে
নষ্টালজিক হৈ পৰো আনে নজনাকৈ তুমি নজনাকৈ
আজিও মই সেইজনা অতীতৰ তোমাৰে নিৰৱধি প্ৰেমিক হৈ জীয়াই আছোঁ ৷

তুমি কাষত নাই সীমাহীন দুখ মোৰ আহে
তুমি বেয়া পোৱা সেয়েহে নিবিচাৰিলেও মুখনিয়ে হাঁহে;
তুমি অবিহনে কটাওনো কেনেকৈ ৰাতি
এনেহেন লাগিছে স্তব্ধ হৈ ৰ'ল সময়ৰ গতি...৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,422
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,286
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,564
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:245
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,845