কলেজৰ ইউনিৰ্ফম আৰু
কিতাপৰ বোজাৰ মাজত
তুমি পাৰস্মিতা শৰ্মা ।
কলেজৰ কেমপাছত
গহীন খোজ
মায়াভৰা দুচকুত মানুহ
হোৱাৰ সপোন
লগৰীয়াৰ উচ্ছৃংখল হাঁহিৰ মাজতো
মিচিকিয়া হাঁহিয়েই
তোমাৰ পৰিচয়
তুমি পাৰস্মিতা শৰ্মা ।
এডাল ৰঙা ৰঙৰ ছাতি লৈ
আনৰ দৰে খট খট কৰি
হিলৰ শব্দ নুতুলিলেও
তুমি উপভোগ কৰা
কলেজীয়া জীৱন
এহাতত সময়ৰ হিচাপ
আনটো হাতত অসমীয়া অৰ্নাছৰ কিতাপখন
প্ৰতিটো শ্ৰেণীকোঠাতে
বিয়পি পৰে
তোমাৰ সুগন্ধ ।
অকল সোনালী চুলিকোছা
এৰি দি ,
ওঁঠত লিপষ্টিক অথবা
গাত পাৰ ফিউম নঘঁহা তুমি
যেন জোনাকবিহীন
আন্ধাৰ ৰাতি ,
তথাপিও সুন্দৰ মনোৰম
কাৰণ তুমি পাৰস্মিতা শৰ্মা ।