কবিতা :: তোমাক লগ নোপোৱা হ'লে --- ছাবিনা আলিয়া

তোমাক লগ নোপোৱা হ’লে
প্রেমক কোনোদিনেই সংজ্ঞাকৰণ কৰিব নোৱাৰিলেহেঁতেন প্রেম হিচাপে,
পিতৃ, ভাতৃ আৰু বন্ধুসকলক থিয় কৰাব নোৱাৰিলেহেঁতেন পুৰুষৰ দীঘলীয়া শাৰীবোৰত |
.
তোমাক লগ নোপোৱা হ’লে
প্রেমৰ মুকুতাবোৰ গুঠিৰ নোৱাৰিলেহেঁতেন বিশ্বাসৰ সূতাডালত,
অচিনাকী হাতবোৰত লাগি থাকিলেহেঁতেন সন্ত্রাসৰ গোন্ধ ,
যি হাতবোৰে যিকোনো সময়ত টানি আজুৰি সৰকাই নিব পাৰে দুচকুৰ সপোনবোৰ |
.
তোমাক লগ নোপোৱা হ’লে
প্রশান্তিৰ স্পন্দনবোৰেৰে অভিজ্ঞ নহলহেঁতেন মোৰ হৃদয়,
অনুভৱৰ নিসংগ কক্ষত বিচৰণ নকৰিলেহেঁতেন
এই অনামী শিহৰণ,
বিশ্লেষণ কৰিব নোৱাৰিলেহেঁতেন হৃদয়খনে অনুভূতিৰ অলিখত পাঠ |
.
তোমাক লগ নোপোৱা হ’লে......
অসত্য হৈয়ে ৰৈ গ'ল হেতেন এটি সত্য,
ভীৰৰ মাজৰ পৰা অজানিতে যে কোনোবা হৈ যাব পাৰে হৃদয়ৰ একাংশ ,
সেইজনৰ মাজতে হঠাৎ কেন্দ্ৰীয়ভূত হৈ যাব পাৰে আৰু এটি জীৱন |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,818
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,577
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,434
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,382