কবিতা :: তোমালৈ বুলি --- কবিৰঞ্জন দাস

শেষ নিশাৰ শেতাঁ জোন

খিৰিকীৰ ফাকেৰে সোমাই আহিল মোৰ পজাঁলৈ

বাহিৰত শেৱালী তগৰৰ সুবাস

মনৰ ভিতৰত কিয় আজি আন্ধাৰ আৰু উদাস

হয়তো তোমালোক নাইযে কাষত মোৰ

যাযাবৰী জীৱনৰ এইয়া মোৰ বাবে উপহাস

দিকবিদিক ধুৱলী কুৱঁলীৰ উকাঁ চাদৰ

খহিছে মনৰ গৰা

তীব্ৰ বেগী সোঁতত ওলমি আছেযে মোৰ কলিজা

দূৰ বহুদূৰ মাথোঁ, নাই কোনো সীমনা

আহি আহি বহুদূৰ পালোঁহি

ৰাস্তাটো অলপ দীঘলীয়া হ'ল

দায়িত্বৰ পৰা ফালৰি কাটি যাব জানো পাৰি-প্ৰিয়তমা

তোমাৰ মুখৰ হাঁহি জিলিকাই ৰাখিবলৈ

এইয়া মোৰ এটি ক্ষুদ্ৰ প্ৰয়াস ; চাৰিওটা প্ৰাণীৰ বাবে

তাৰ বাবেই কুন্ডিল নগৰীত প্ৰবেশ

ইয়াৰ প্ৰতিটো কোণে কোণে প্ৰেমৰ সুৰ বাজি আছে

নুপুৰৰ ৰুণুজুনু ধ্বনি বাজিছে দশোদিশে

হৃদয়ত বাজি উঠিছে সুৰৰ মৰ্মস্পশী ধ্বনি

এইয়াটো নহয় মোৰ অচিনাকি

যেন যুগ যুগৰ চিনাকি

হয়তো তোমাৰো ;

মাথোঁ চাৰিওফালে প্ৰেমৰেই বাণী

হয়তো এইয়া শ্ৰীকৃষ্ণৰেই মহিমা

দূৰে দূৰে থাকিলে মৰম যে বাঢ়ে জানা প্ৰিয়া

ইয়াৰ প্ৰতিটো শিল গছ গছনি আৰু নদীৰ বুকুত

শুনিছো প্ৰেমৰ বাণী সেই তাহাঁনিৰ

কিমানযে কাহিনী আছে ইয়াত

সেই প্ৰেম কাহিনী শুনি শুনি মোৰ মনযে আঁতুৰ

বাৰে বাৰে তোমাকেই বিচাৰো

প্ৰিয়তমা !

তুমিয়েই তো মোৰ ৰুক্মিণী !

প্ৰিয়া, ৰাতি পুঁৱাব আৰু এতিয়া

নিয়ৰ গছকি সূৰ্য্য নামি আহিব মোৰ চোতাললৈ

তাৰেই মাথোঁ প্ৰতীক্ষা !

তুমি মাথোঁ অধীৰ নহ’বা ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,558
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,199
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,964
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,348
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,355