কবিতা :: নিসংগতা --- সোনমনি ৰাজ বৰুৱা

লিসংগতাই এতিয়া মোৰ সন্মুখত

এখনি নৈ হৈ ধৰা দিয়ে

নদীৰ সোঁতহৈ এফালৰ পৰা

খহাই নিয়ে মোৰ হৃদয়ৰ কোঠালিৰ সপোনবোৰ

দৰিদ্ৰতাই এতিয়া মোৰ সন্মুখত

আঁউসীৰ এন্ধাৰৰ দৰে ধৰা দিয়ে

বিয়পি পৰে চৌদিশে

বিচাৰি নাপাওঁ অলপো সুৰুঙা

বাওনা হৈ আকাশ ঢুকি পোৱাৰ সপোন

নিমিষতে ভাঙি যায়

জীৱনটো এতিয়া এখনি নৈ বৈ যায় অবিৰাম

বন জুইৰ দৰে জ্বলি চাৰ খাৰ হৈ গৈছে

এফালৰ পৰা আশাবোৰ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,406
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,481
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,906
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,063
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,094
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,779