অনুগ্ৰহ কৰি কাজল নেসানিবা দুচকুত
তুমি কাজল সানিলে মোৰ মনত পৰে কাজল দেৱগন অথবা কেটৰিনা কেঈফলৈ
খৰাংত চিৰাল ফাট মেলা হৃদয়তো ফুলিব খুজে ৰজনীগন্ধা
অঘৰী সপোনবোৰে দুচকুৰ পতাত জপিয়াই জপিয়াই গাব খুজে প্ৰেমৰ গীত
কৰবাৰ পৰা শুনো ৰিনিকি ৰিনিকি বাঁহীৰ মাত
যাযাবৰী আশাবোৰে থিতাপি লয় কলিজাত
অনুগ্ৰহ কৰি কাজল নেসানিবা দুচকুত
কাজল সনা চকুয়ে ৰাতি ৰাতি বৰ আমনি কৰে অ’
নীলা চকু হাল নীলা হৈয়ে থাকিবলৈ দিয়া না
তাত সানি নলবা এন্ধাৰ
মা কচম পাগল হৈ যাম তোমাৰ প্ৰেমত
তেতিয়াতো সহ্য কৰিব নোৱাৰিবা
এই পাগল প্ৰেমিকৰ পাগলামি
অনুগ্ৰহ কৰি কাজল নেসানিবা দুচকুত |