কবিতা :: নীলা নীলা বেদনা --- ৰতন ভট্টাচাৰ্য

এতিয়া গভীৰ নিশা

মই তোমাৰ কথাই ভাবি আছো

তুমি যে মোক স্নিগ্ধ জোনাকভৰা

সান্নিধ্য দিছা

তুমি নামি আহিছা

এটুপি মিঠা বৰষুণৰ দৰে

হৃদয়ৰ নিভৃতি কোনত

মই তোমাক আলফুলে ৰাখিব খুজিছিলো

কিন্তু হঠাতে তুমি ক’ত হেৰাই গলা.....

এতিয়া যে মই যন্ত্রনাপ্রীত

মোৰ জীৱনলৈ আগ বাঢ়িছো

অকলশৰীয়া ভাবে

তুমি মোক কৈছিলা

তৰাবোৰ যে ইমান তিৰবিৰাই

কিন্তু মই দেখো অকলশৰীয়া সাগৰৰ দৰে হৈ গৈছো

নীলা নীলা বেদনাই মোক

খামুচি ধৰিছে ঢৌ হৈ

তথাপিও মই বহি আছো

ৰাতিপুৱা হ’বলৈ ধৰিছে

বাহিৰত বৰষুণ আৰু তীব্র বতাহ

হয়তো অনুভুতি এনেকুৱাই

সময়ে লৈ আহে লাহে লাহে

জীৱনৰ অনেক অনুভৱ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,843
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,247
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,900
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,161
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,512