কবিতা :: নৈ --- দীপংকৰ শৰ্মা

সম্ভাৱনাক সাৱটি
তোমাৰ নিৰবধি গতি
পলসুৱা চেতনাত উজলে
চহা জীৱনৰ সপোন,
দুখনী হৃদয়ৰ গৰাকী
একেই অনুভৱ একেই চেতনা ।

তোমাৰ উৰ্বৰতাত প্ৰাণ ঢালিলে
অনাৰ্য সভ্যতাই
শ্যামলী কলিজাত তোমাৰ
আৰ্যৰ গৌৰৱে হেম্বেলিয়াই ।

জ্ঞানৰ গৰিমা আঁকিবলে
তোমাৰ হৃদয়ত গজিল পেপিৰাছ
সভ্যতাৰ ধ্বজা উৰুৱাই ,
মোহনা সুন্দৰবন
সৌন্দৰ্যৰ হ'ল মহা আয়োজন ।

কত যুগৰ ক্লেদ কঢ়িয়াই
বৈ থাকা ভাগীৰথি
সজাবলে পূণ্য বসূন্ধৰা ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,415
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,723
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,379
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,554
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:477
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,869