পানীত নামাৰিবি অকাৰণত শিল
দেখা পাবি মুখনিৰ বহুখিনি অমিল
তৰংগই খহাইছে হৃদয়ৰ দুই পাৰ
ঘা হৈ উৱলিব পাতিলে তই বিষাক্ত মায়াজাল ৷
দূৰণিত শুনিছো হাহাকাৰ
সৌৱা পগলা প্ৰেমিকৰ জবৰ্দস্ত হৰতাল !
আঙুলি কাটি তোৰ শিৰত
কৰিব সি ৰক্তদান
মুখমণ্ডল নে ডিঙিত মুকুতাৰ মালা উজলাই
তোৰ উঠাম বুকুতেই বিচাৰিব
সি জীয়াই থকাৰ উৎকৃষ্ট উপাদান;
প্ৰতিদানত প্ৰেম,
দিবিনে তই ?
ধাৰলৈ হ'লেও তাক অকণমান !