কবিতা :: পিক্-নিক্ --- সমুজ্জ্বল ডেকা

তোমালোকৰ দৰে মোৰো পিক্-নিক্ যাবৰ মন
পিক্-নিক্ মানে বিচাৰো এনে স্থল য'ত বালিচাপৰিত বতাহৰ স'তে হালি-জালি নাচে কঁহোৱা বন
আৰু কিছু দূৰৰ পৰা ভাহি আহে নৈখনিৰ স্ৰোতধ্বনিৰ গুঞ্জন ৷

পিক্-নিক্ মানে বিচাৰো এনে স্থল য'ত সেউজীয়া প্ৰকৃতিৰ প্ৰেমত পক্ষীৰ জাঁকে জুৰে অমীয়া সুৰৰ গান
আৰু স্বচ্ছতাৰ নিদৰ্শন সেই ঠাই যি ভূমিৰ পৰশনত মন জীপাল নিয়ায় ৷

পিক্-নিক্ মানে বিচাৰো এনে স্থল য'ত থাকে জলপ্ৰপাত কিম্বা ঝৰ্ণা-নিজৰা আদিৰ দৰে সৌন্দৰ্যৰ সমল
সৰু-বৰ শিলবোৰে য'ত আজীৱন স্নান কৰি সুখী হয়
দিনত ৰ'দালিৰ মুখলৈ চাই আনন্দত ৰই
ৰাতি হ'লে জোনাকী নতুবা তৰালিৰ মুখলৈ চাই সুখত বিভোৰ হয় ৷

পিক্-নিক্ হ'ব লাগে এইবোৰ স্থল য'ত কবি হ'লে কবিতাৰ ভাষা অনৰ্গল আহে
চিত্ৰকৰ হ'লে ৰং-তুলিকাৰে দৃশ্যপটত ৰাখি থোৱাৰ মন মেলে
গীতিকাৰ-সুৰকাৰ হ'লে ভাললগা গীত এটি ৰচি সুৰ দিবৰ মন জাগে ইত্যাদি ইত্যাদি....

পিক্-নিক্ হ'ব নালাগে বিশৃংখলতা, কাজিয়া,হিংসা আদিৰ প্ৰয়োভৰ
সুখ গুচি দুখ নভৰে যাতে বুকুৰ ভিতৰ ৷
মদৰ লগত মাংস খালে দেখিছোঁ বহুতৰে পৌশাচিক ৰূপ পৰিস্ফূৰ্ত হয়
বিকট শব্দত আইটেম ছং ডি.জেত বজাই অশ্লীল নৃত্যত মচগুল হয় ৷
কি মদ-মাংস নহ'লে পিক্-নিক্ নহয়
কি ডি.জেত আইটেম ছং নহ'লে পিক্-নিক্ নহয়
এয়াই নেকি আমাৰ ভৱিষ্যত কৰিবলৈ জাতি-সংস্কৃতিৰ পূৰ্ণ বিপৰ্যয় ?
সেয়েহে কাহানিও নকৰোঁ এনেবোৰ কু-কৃষ্টি
নেহেৰুৱাও ভৱিষ্যতত জাতিৰ হকে সততাৰে মাত মতাৰ অধিকাৰ
ভয় লাগে কৰে যদি আজিৰ সভ্যতাই মোকো দোষাৰোপৰ মানসিক প্ৰহাৰ ৷

পিক্-নিক্ ভাললাগে যেতিয়া বুকুত বোৱাই সুখৰ সমাহাৰ
হাঁহিয়াল সপোনৰ বীজ সিঁচি হেঁপাহে কৰে যেতিয়া যৌৱনৰ প্ৰসাৰ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,507
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,026
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,700
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,607