কবিতা :: প্ৰগতি কলেজ আৰু সুৰভী --- শেখৰ ভট্ৰাচাৰ্য

কলেজীয়া তিনিটা বছৰ

কেনেকৈ পাৰ হৈ গ’ল

ধুলিয়ৰি ধুলিয়ৰি স্মৃতি

ধূসৰিত হৈ পৰিছে সকলো

সোমাই যাব পাহৰণিৰ গৰ্ভত

নামেই যাৰ প্ৰেম

আৱেগ-অনুভূতি

যৌৱনৰ আৱেগত

আৱেগিক মই

প্ৰেমত পৰিছিলো তোমাৰ

কেৱল তোমাৰ সুৰভী,

তোমাৰ চকুদুযোৰ

তোমাৰ ৰঙা ওঁঠৰ হাঁহিয়ে

মোক বলীয়া কৰি তোলে ।

কিয় পৰিছিলো প্ৰেমত ?

কিয় হৈছিলো উন্মাদ

নাজানো আৰু হয়টো নাজানিম কাহানিও ।

প্ৰেমত পৰাৰ পৰাই চাগে

ভাল পাইছিলো প্ৰগতি কলেজক

বাৰে বাৰে গৈছিলো কলেজখনলৈ

বিচাৰি ফুৰিছিলো তোমাক,

তুমি হয়টো অনুভৱ কৰা নাছিলা অথবা গম পোৱা নাছিলা এই উন্মাদৰ হৃদয়ৰ বতৰা ।

কেৱল ভাল পাবলৈ শিকিছিলো আৰু

জ্বলিবলৈ শিকিছিলো

তোমাৰ অনুপস্থিতিত

কি ভাবিছিলো মই

তুমি নাথাকিলে ।

প্ৰগতি কলেজত গৈ

অসমীয়া বিভাগৰ কোঠাৰ শূন্যতাৰ মাজৰ হৃদয়ৰ চিঞঁৰ

শুনিছিল নে তোমাৰ হৃদয়ে ?

তোমাৰ দুচকুত মই এক প্ৰশ্ন বিচাৰি পাইছিলো

কিন্তু উত্তৰ বিচৰাৰ

সুযোগ দিয়া নাছিলা তুমি ।

প্ৰগতি কলেজ

আৰু সুৰভী তুমি

দি গ’লা মোক

কিছু সপোন কিছু আশা

আৰু হয়তো সেয়ে

পাহৰা নাই মই তোমাক ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,788
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,411
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,723
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,693